মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কৃষিআৰু উদ্যানশস্যৰ বিভাগ ৰাজ্যিক কৃষি ব্যৱস্থাপনা আৰু প্ৰসাৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান

চি.এছ.এছ.-কৃষি প্ৰযুক্তি ব্যৱস্হাপনা অভিকৰণৰ অধীনত প্ৰদান কৰা লাভসমূহ

কেনেদৰে এই আঁচনিৰ অধীনত লাভসমূহ পাব পাৰি

  • হিতাধিকাৰী নিৰ্বাচন 

            এটা পঞ্চায়ত অঞ্চলৰ ভিতৰত প্ৰদৰ্শনকাৰী খণ্ড, কৃষি বিদ্যালয়, আন্তঃজিলা আৰু আন্তঃৰাজ্যিক প্ৰশিক্ষণৰ পৃথক হিতাধিকাৰীসকল আৰু সকলো কৃষক গোট হিতাধিকাৰীক সংশ্লিষ্ট গ্ৰাম সভা আৰু গ্ৰাম পঞ্চায়তবিলাকে সেই এলেকাত কৰ্মৰত কৃষক স্বাৰ্থ গোটসমূহ আৰু এফ.ও. সমূহৰ সৈতে মন্ত্ৰণা ভিত্তিত নিৰ্বাচন কৰিব।

  • প্ৰশিক্ষণ

            খণ্ড পৰ্যায়ত কৃষকৰ প্ৰশিক্ষণ আগবঢ়োৱা হয় আৰু খণ্ডটোৰ ইচ্ছুক কৃষকসকলে খণ্ডটোৰ কৃষক বন্ধু/খণ্ড প্ৰযুক্তিবিদ্যা প্ৰৱন্ধক নাইবা সহকাৰী প্ৰযুক্তিবিদ্যা প্ৰৱন্ধকক যোগাযোগ কৰি প্ৰশিক্ষণটোত নিজৰ নামটো ভৰ্তি কৰাব পাৰে।

  • কৃষক স্বাৰ্থ গোট/চি.আই.জি./ডব্লিউ.আই.জি.

            কৃষি প্ৰযুক্তি ব্যৱস্হাপনা অভিকৰণ আঁচনিৰ অধীনত ১১-২৫জন খেতিয়কক লৈ কৃষক স্বাৰ্থ গোট (FIGs)সমূহ গঠন কৰা হয়। সংশ্লিষ্ট জিলাখনৰ প্ৰকল্প সঞ্চালকৰ জৰিয়তে এই কৃষক স্বাৰ্থ গোট সমূহ পঞ্জীয়ন কৰা হয়। কৃষক স্বাৰ্থ গোটসমূহৰ পঞ্জীয়ন সম্পৰ্কে তথ্য খণ্ডটোৰ কৃষক বন্ধু, খণ্ড প্ৰযুক্তিবিদ্যা প্ৰৱন্ধক বা সহকাৰী প্ৰযুক্তিবিদ্যা প্ৰৱন্ধকক যোগাযোগৰ জৰিয়তে লাভ কৰিব পাৰি।

  • কৃষক বন্ধু

            দুখন গাঁৱৰ ভিতৰত এজন কৃষক বন্ধু থাকে। গাঁও পঞ্চায়তৰ প্ৰস্তাৱত BTMৰ দ্বাৰা কৃষক বন্ধুক চিহ্নিত কৰা হয় যিয়ে পৰ্যায়ক্ৰমে পঞ্চায়ত এলেকাত কৰ্মৰত CIGসমূহ/কৃষক স্বাৰ্থ গোট সমূহৰ সৈতে আলোচনাত বহে। কৃষক বন্ধুক বছৰি ৬,০০০ টকা বেতন দিয়া হয়।

  • PGDAEM পাঠ্যক্ৰম

            ৰাজ্যিক কৃষি ব্যৱস্থাপনা আৰু সম্প্ৰসাৰণ প্ৰশিক্ষণ প্ৰতিষ্ঠান, অসমৰ জৰিয়তে ৰাষ্ট্ৰীয় কৃষি সম্প্ৰসাৰণ ব্যৱস্থাপনা অনুষ্ঠানৰ দ্বাৰা দূৰ শিক্ষণ মাধ্যমত কৃষি সম্প্ৰসাৰণ ব্যৱস্থাপনাত স্নাতকোত্তৰ ডিপ্লোমা পাঠ্যক্ৰম পৰিচালনা কৰা হয়। পাঠ্যক্ৰমৰ সময়সীমা হল ১ বছৰ। প্ৰাৰ্থীয়ে আবেদন প্ৰ-পত্ৰ ডাউনলড কৰিবৰ বাবে ৰাজ্যিক কৃষি ব্যৱস্থাপনা আৰু সম্প্ৰসাৰণ প্ৰশিক্ষণ প্ৰতিষ্ঠান

 ৱেবছাইট বা ৰাষ্ট্ৰীয় কৃষি সম্প্ৰসাৰণ ব্যৱস্থাপনা অনুষ্ঠান ৱেবছাইট চাব পাৰে আৰু তেওঁলোকৰ নিৰ্দিষ্ট কৰ্তৃপক্ষৰ জৰিয়তে ৰাজ্যিক কৃষি ব্যৱস্থাপনা আৰু সম্প্ৰসাৰণ প্ৰশিক্ষণ প্ৰতিষ্ঠানত প্ৰপত্ৰখন জমা দিব লাগিব।

  • DAESI অনুষ্ঠান

            যোগান ব্যৱসায়ীসকলৰ বাবে কৃষি সম্প্ৰসাৰণ সেৱাত ডিপ্লোমা হল যোগান ব্যৱসায়ীসকলৰ বাবে এটা ডিপ্লোমা পাঠ্যক্ৰম। প্ৰাৰ্থীয়ে ৰাজ্যিক কৃষি ব্যৱস্থাপনা আৰু সম্প্ৰসাৰণ প্ৰশিক্ষণ প্ৰতিষ্ঠান বা ৰাষ্ট্ৰীয় কৃষি সম্প্ৰসাৰণ ব্যৱস্থাপনা অনুষ্ঠানৰ ৱেবছাইটৰ পৰা আবেদন প্ৰপত্ৰ ডাউনলড কৰিব পাৰে আৰু সংশ্লিষ্ট জিলাৰ জিলা কৃষি বিষয়াৰ জৰিয়তে ৰাজ্যিক কৃষি ব্যৱস্থাপনা আৰু সম্প্ৰসাৰণ প্ৰশিক্ষণ প্ৰতিষ্ঠানত এইখন জমা দিব লাগিব।