মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কৃষিআৰু উদ্যানশস্যৰ বিভাগ ৰাজ্যিক কৃষি ব্যৱস্থাপনা আৰু প্ৰসাৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান

প্ৰধানমন্ত্ৰী কৃষি সিঞ্চন যোজনা

  • জল সংৰক্ষণ আৰু ইয়াৰ ব্যৱস্থাপনাক উচ্চ অগ্ৰাধিকাৰ প্ৰদান কৰিবলৈ ভাৰত চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। ইয়াক ফলপ্ৰসূ কৰিবলৈ জলসিঞ্চন ‘হৰ খেত কো পানী’ (প্ৰত্যেক খেতিতে পানী)য়ে সামৰি লোৱা ক্ষেত্ৰৰ সম্প্ৰসাৰণ লক্ষ্য তথা উত্স সৃষ্টি, বিতৰণ ব্যৱস্থাপৱা ক্ষেত্ৰ ভিত্তিক প্ৰয়োগ আৰু সম্প্ৰসাৰণমূলক কাম-কাজৰ চূড়ান্ত সমাধানেৰে এক কেন্দ্ৰীভূত ধৰণেৰে প্ৰতি টোপালত অধিক শস্য – জল ব্যৱহাৰৰ কাৰ্যকৰিতা উন্নতকৰণৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী কৃষি সিঞ্চন যোজনা (PMKSY) সৃষ্টি কৰা হৈছে। সন্মানীয় প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত অৰ্থনৈতিক কাৰ্যকলাপৰ কেবিনেট কমিটীৰ ২০১৫ চনৰ ১ জুলাই তাৰিখে অনুষ্ঠিত হোৱা সভাত প্ৰধানমন্ত্ৰী কৃষি সিঞ্চন যোজনাক সন্মতি প্ৰদান কৰা হৈছে।

                জলসম্পদ মন্ত্ৰালয়ৰ দ্ৰুত জলসি়ঞ্চন লাভালাভ অনুষ্ঠান (AIBP) নদী বিকাশ আৰু গংগা পুনৰনবীকৰণ (MOWR, RD&GR), ভূমি সম্পদ মন্ত্ৰালয়ৰ (DoLR) সংহত অৱবাহিকা ব্যৱস্থাপনা আঁচনি (IWMP) আৰু কৃষি আৰু সহযোগিতা বিভাগৰ কৃষিত জল ব্যৱস্থাপনা (OFWM) আদি চলিত আঁচনিসমূহৰ সৈতে সংযুক্ত হৈ  প্ৰধানমন্ত্ৰী কৃষি সিঞ্চন যোজনা সৃষ্টি হৈছে। PMKSY সমগ্ৰ দেশ ৰূপাযণৰ কাৰণে পাঁচ বছৰত ৫০,০০০ কোটি মূলধনেৰে অনুমোদিত হৈছে। ২০১৫-১৬ বৰ্ষৰ বাবে  কৃষি আৰু সহযোগিতা বিভাগৰ ১৮০০ কোটি,  DoLRৰ বাবে ১৫০০ কোটি,  MoWRৰ বাবে ২০০০ কোটি (AIBPৰ বাবে ১০০০ কোটি, প্ৰধানমন্ত্ৰী কৃষি সিঞ্চন যোজনাৰ বাবে ১০০০ কোটি)কে ধৰি ৫৩০০ কোটি টকা ব্যয় কৰা হৈছে।

    Downloads
    প্ৰধানমন্ত্ৰী কৃষি সিঞ্চন যোজনা
    TitleSizeDetail
    Operational Guidelines on Pradhan Mantri Krishi Sinchayee Yojana (English)244.46 KBswf-image
    Operational Guidelines on Pradhan Mantri Krishi Sinchayee Yojana (Hindi)545.24 KBswf-image