মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কৃষিআৰু উদ্যানশস্যৰ বিভাগ ৰাজ্যিক কৃষি ব্যৱস্থাপনা আৰু প্ৰসাৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান

যোগান ব্যৱসায়ীসকলৰ বাবে কৃষি সম্প্ৰসাৰণ সেৱাৰ ডিপ্লোমা (DAESI)

  • দেশৰ কৃষি যোগান ব্যৱসায়ীসকল হল কৃষি সম্প্ৰদায়ৰ বাবে, দেনা আৰু যোগান সৰবৰাহৰ উপৰিও পামৰ তথ্যৰ প্ৰাথমিক উত্স। যি কি নহওক, এনে ব্যৱসায়ীৰ অধিক সংখ্যকৰে আনুষ্ঠানিক কৃষি শিক্ষা নাই। কৃষি ক্ষেত্ৰত তেওঁলোকৰ প্ৰায়োগিক সক্ষমতা নিৰ্মাণ আৰু তেওঁলোকক কৃষকসকলক অধিক উন্নত সেৱা কৰাৰ সুবিধা দিয়াৰ অৰ্থে আৰু সহ-সম্প্ৰসাৰণৰ পেছাদাৰী ব্যক্তি হিচাপে কাৰ্য কৰাৰ বাবে ৰাষ্ট্ৰীয় কৃষি সম্প্ৰসাৰণ ব্যৱস্থাপনা অনুষ্ঠানে (MANAGE) ২০০৩ বৰ্ষত যোগান ব্যৱসায়ীসকলৰ বাবে ২০,০০০ টকা পাঠ্যক্ৰমৰ মাচুলত এক স্ব-বিত্তীয় সাহায্যৰ যোগান ব্যৱসায়ীসকলৰ বাবে কৃষি সম্প্ৰসাৰণ সেৱাৰ এক বছৰীয়া ডিপ্লোমা (DAESI) অনুষ্ঠান আৰম্ভ কৰিছে। এই অনুষ্ঠানটোৰ ধনাত্মক প্ৰভাৱৰ বাবে ভাৰত চৰকাৰৰ কৃষি আৰু খেতিয়কৰ কল্যাণ মন্ত্ৰালয়ে দেশখনৰ সকলো ৰাজ্যতে যোগান ব্যৱসায়ীসকলৰ বাবে এই অনুষ্ঠানটো কাৰ্যকৰী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

                ৰাজ্যিক কৃষি ব্যৱস্থাপনা আৰু সম্প্ৰসাৰণ প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহৰ জৰিয়তে ৰাষ্ট্ৰীয় কৃষি সম্প্ৰসাৰণ ব্যৱস্থাপনা অনুষ্ঠানৰ দ্বাৰা এই অনুষ্ঠানটো কাৰ্যকৰী কৰা হব। ভাৰত চৰকাৰৰ কৃষি আৰু সহযোগিতা বিভাগ আৰু কৃষকৰ কল্যাণ বিভাগ (DAC&FW)এ, প্ৰতিচজন যোগান ব্যৱসায়ীৰ বিপৰীতে, পাঠ্যক্ৰমৰ মাচুল ১০,০০০লৈ, ৫০ শতাংশ ৰাজসাহায্য দিব। সেয়া যি কি নহওক, যত কৃষি ব্যৱসায় কোম্পানীসমূহ জড়িত হৈ থাকে, কোম্পানীয়ে ১০,০০০ টকাৰ বৰঙণি যোগাব আৰু বাকী ১০,০০০ টকা DAC আৰু যোগান ব্যৱসায়ী, প্ৰত্যেকেই ৫০০০ টকাকৈ সমানে বৰঙণি যোগাব। প্ৰায়োগিক তথ্যসমূহ কৃষি বিশেষজ্ঞ আৰু পেছাদাৰী ব্যক্তিসকলৰ দ্বাৰা সংস্পৰ্ষ শ্ৰেণীসমূহৰ জৰিয়তে এবছৰ ব্যাপী ক্ষেত্ৰত পৰিদৰ্শনকে ধৰি ৪৮ দিনৰ বাবে ৰবিবাৰ বা বজাৰ বন্ধ বাৰসমূহত জিলা পৰ্যায়ত আগবঢ়োৱা হয়। অনুষ্ঠানটোৰ সবিশেষ নিৰ্দেশাৱলীসমূহত উপলব্ধ হৈ আছে।

    Downloads
    যোগান ব্যৱসায়ীসকলৰ বাবে কৃষি সম্প্ৰসাৰণ সেৱাৰ ডিপ্লোমা (DAESI)
    TitleSizeDetail
    Operational Guidelines on Diploma in Agricultural Extension Services for Input Dealers (DAESI) Program707.69 KBswf-image