মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কৃষিআৰু উদ্যানশস্যৰ বিভাগ ৰাজ্যিক কৃষি ব্যৱস্থাপনা আৰু প্ৰসাৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান

কাৰ্যাৱলী আৰু উদ্দেশ্যসমূহ

ৰাজ্যিক কৃষি ব্যৱস্থাপনা আৰু সম্প্ৰসাৰণ প্ৰতিষ্ঠান

  • ৰাজহুৱা আৰু ব্যক্তিগত দুয়োটা খণ্ডৰে সম্প্ৰসাৰণ কৰ্মচাৰীসকলক সম্প্ৰসাৰণ ব্যৱস্থাপনা সম্পৰ্কিত ক্ষেত্ৰসমূহত ক্ষমতা নিৰ্মাণকাৰী সমৰ্থন প্ৰদান কৰা।
  • প্ৰকল্প পৰিকল্পনা, মূল্য নিৰ্ধাৰণ, ৰূপায়ণ ইত্যাদিৰ দৰে ক্ষেত্ৰসমূহত উপদেশ প্ৰদান কৰা।
  • মানৱ আৰু ভৌতিক সমপদসমূহৰ উন্নত ব্যৱস্হাপনাৰ জৰিয়তে কৃষি সম্প্ৰসাৰণ সেৱাৰ ফলোত্পাদক উন্নতিৰ কাৰণে ব্যৱস্থাপনা সৰঞ্জামসমূহৰ প্ৰচাৰ আৰু উন্নতিকৰণ।
  • মধ্যম স্তৰৰ আৰু তৃণমূল পৰ্য্যায়ৰ কৃষি সম্প্ৰসাৰণ কৰ্মীসকলৰ বাবে প্ৰয়োজন ভিত্তিক প্ৰশিক্ষণ কাৰ্য্যসূচী অনুষ্ঠিত কৰা।
  • প্ৰশিক্ষণ অনুষ্ঠানসমূহৰ পৰা পোৱা সঁহাৰিৰ পৰিশিষ্ট হিচাপে ব্যৱস্থাপনা, যোগাযোগ, অংশগ্ৰহণমূলক প্ৰণালীবিদ্যা ইত্যাদিৰ গুণাংকৰ বিকাশ কৰা।
  • কৃষি প্ৰযুক্তি ব্যৱস্হাপনা অভিকৰণৰি আঁচনিসমূহৰ নিয়াৰি ৰূপায়ণৰ তত্বাৱধান
  • ৰাজ্য আৰু জিলা/খণ্ড পৰ্যায়ৰ সম্প্ৰসাৰণ কৰ্মচাৰীসকলৰ কৌশল উন্নীতকৰণ আৰু নিয়মীয়া প্ৰশিক্ষণ সুনিশ্চিত কৰাৰ বাবে আৰু ক্ষেত্ৰ পৰিদৰ্শনৰ জৰিয়তে তৃণমূল পৰ্যায়ৰ সম্প্ৰসাৰণ কৰ্মচাৰী আৰু কৃষকসকলক সংস্পৰ্শলৈ অনাৰ বাবে। SAMETIৰ সঞ্চালকে ৰাজ্যিক সংযোগী বিষয়াৰ সামগ্ৰিক সহায়তাৰ অধীনত কাৰ্য সম্পাদন কৰিব।
  • ৰাজ্যখনত সম্প্ৰসাৰণৰ উপ-অভিযান (SMAE) নাইবা সম্প্ৰসাৰণ সংস্কৰণৰ বাবে ৰাজ্যিক সম্প্ৰসাৰণ অনুষ্ঠানলৈ সমৰ্থন (কৃষি প্ৰযুক্তি ব্যৱস্হাপনা অভিকৰণ আঁচনি), ৰাজ্যিক কৃষি ব্যৱস্থাপনা আৰু সম্প্ৰসাৰণ প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ দ্বাৰা পৰ্যবেক্ষণ কৰা আৰু তত্বাৱধান লোৱা হয়। অসমত ২০১১ চনৰ জুন মাহত SAMETI স্থাপিত হৈছিল।

প্ৰসাৰ সংস্কাৰৰ বাবে ৰাজ্যিক সম্প্ৰসাৰণ অনুষ্ঠানলৈ সমৰ্থন (কৃষি প্ৰযুক্তি ব্যৱস্হাপনা অভিকৰণ আঁচনি)

পটভূমি

  • ১৯৯৮ চনৰে পৰা ২০০৫ চনলৈ ভাৰতত সম্প্ৰসাৰণ সংস্কাৰসমূহ ৭খন ৰাজ্যৰ ২৮খন জিলাত পৰীক্ষামূলকভাৱে অভীক্ষা চলোৱা হৈছিল।
  • এই সফল পৰীক্ষণে ২০০৫-০৬ চনত সম্প্ৰসাৰণ সংস্কাৰৰ বাবে ৰাজ্যিক সম্প্ৰসাৰণ অনুষ্ঠানলৈ সমৰ্থন আঁচনি আৰম্ভ কৰাত ভিত্তি হিচাপে কাম কৰিলে।
  • সম্প্ৰতি ৬৩৯খন জিলাত ই ব্যৱহৃত হৈ আছে আৰু অৱশিষ্ট গ্ৰামীণ জিলাসমূহ সামৰি লোৱাৰ প্ৰস্তাৱ কৰা হৈছে।
  • এই আঁচনিখনে তলত দিয়া মুখ্য সম্প্ৰসাৰণ সংস্কাৰসমূহৰ ওপৰত গুৰুত্ব দিব।
  • ৰাজহুৱা/ব্যক্তিগত সম্প্ৰসাৰণ সেৱা প্ৰদানকাৰীসকলক জড়িত কৰি বহু সংস্থাগত প্ৰসাৰ কৌশলক উত্সাহ প্ৰদান কৰা।
  • নিম্ন পৰ্যায়ৰ পৰা উচ্চ পৰ্যায়লৈ পৰিকল্পনা প্ৰক্ৰিয়াৰ ওপৰত অভিকেন্দ্ৰিক গুৰুত্বৰে কৃষি ব্যৱস্থাৰ দৃষ্টিভঙ্গী সংগত কৰি এক সংহত, বহল-ভিত্তিত প্ৰসাৰ বিতৰণ কৌশল সুনিশ্চিত কৰা।
  • কৃষকসকলৰ চিনাক্ত হোৱা প্ৰয়োজন আৰু আৱশ্যবিলাকৰ সৈতে সামঞ্জস্যপূৰ্ণভাৱে CIG আৰু FIGৰ ৰূপত প্ৰসাৰৰ বাবে দলীয় দৃষ্টিভংগী গ্ৰহণ কৰা আৰু সেইসমূহৰ কৃষকৰ উত্পাদক সংস্থা হিচাপে একীকৃত কৰা।
  • পৰিকল্পনা, কাৰ্যকৰণ আৰু ৰূপায়ণত কৃষ কেন্দ্ৰিক অনুষ্ঠানসমূহক এক কেন্দ্ৰভিমুখে গঢ়ি তোলা।
  • কৃষি ক্ষেত্ৰৰ মহিলাসকলক দল হিচাপে থূপ খুৱাই আৰু তেওঁলোকক প্ৰশিক্ষণ প্ৰদানৰ দ্বাৰা লিংগ সচেতনতাৰ ক্ষেত্ৰত অৱস্থিতি গ্ৰহণ কৰা।