মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ কৃষিআৰু উদ্যানশস্যৰ বিভাগ ৰাজ্যিক কৃষি ব্যৱস্থাপনা আৰু প্ৰসাৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান

সন্মিলন

কৃষি গৱেষণা আৰু সম্প্ৰচাৰণৰ মাজত সন্মিলন

            ৰাজ্যখনৰ ভিতৰত উপলব্ধ বিজ্ঞানী তথা অন্য জনবলসমূহৰ পৰা সম্পূৰ্ণ  উপকাৰ আহৰণ কৰাত কৃষকসকলক সক্ষম কৰি তুলিবলৈ তলত দিয়া সিদ্ধান্তসমূহ লোৱা হৈছে-

            কৃষি প্ৰযুক্তি ব্যৱস্হাপনা অভিকৰণ GB আৰু ব্যৱস্থাপনা কমিটীসমূহত নিয়মিতভাৱে অংশগ্ৰহণৰ উপৰিও, জিলাসমূহত কৃষি বিজ্ঞান কেন্দ্ৰৰ অনুষ্ঠান সমন্বয়কসকলে, ফচল সংগ্ৰহৰ সময়ছোৱাত মাহত এবাৰকৈ কৃষি প্ৰযুক্তি ব্যৱস্হাপনা অভিকৰণৰ প্ৰকল্প সঞ্চালকৰ সৈতে ভাৱ-বিনিময় সভা অনুষ্ঠিত কৰিব লাগে আৰু ফচল বৃদ্ধিৰ বিভিন্ন পৰ্যায়ৰ বাবে খেতিয়কসকলক ফচল সম্পৰ্কীয় উপদেশ প্ৰদানৰ কৌশল কাৰ্যত পৰিণত কৰিব লাগে। কৃষি বিজ্ঞান কেন্দ্ৰত উপলব্ধ বিজ্ঞানীসকলে খণ্ড প্ৰযুক্তি গোটসমূহক জিলাসমূহৰ বিভিন্ন খণ্ডৰ প্ৰায়োগিক প্ৰয়োজনসমূহ চিনাক্তকৰণৰ ক্ষেত্ৰত উপদেশ দিব, পথ প্ৰদৰ্শন কৰিব আৰু এই প্ৰয়োজনসমূহ পূৰণ কৰিবৰ বাবে অনুষ্ঠানগত মধ্যস্থতা কৰিব।

            ইয়াৰ লগতে হয়তো ৰাজ্যিক কৃষি বিশ্ববিদ্যালয়, নহয়তো কৃষি বিজ্ঞান কেন্দ্ৰ/কৃষি গৱেষণা প্ৰতিষ্ঠানে এজন বিশেষজ্ঞ মনোনীত কৰিব লাগিব, যি একোখন জিলাৰ সম্প্ৰসাৰণ কৰ্মচাৰীসকলক কৃষি প্ৰযুক্তি ব্যৱস্হাপনা অভিকৰণৰ অধীনত দিয়া সমৰ্থনৰ সহায়ত তত্কালীনভাৱে উপদেশ দিবলৈ জিলাখনৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে কাম কৰিব, যোগাযোগ ব্যয় পূৰণ কৰিবলৈ বছৰি ২৪,০০০ টকা উদগণি হিচাপে দিয়া হব। (এই দফাটো পুনৰীক্ষণাধীন হৈ আছে আৰু পাছলৈ এই সন্দৰ্ভত জনোৱা হব।)

            কৃষি প্ৰযুক্তি ব্যৱস্হাপনা অভিকৰণৰ অধীনত কৌশলগত গৱেষণা আৰু সম্প্ৰসাৰণ আঁচনি (SREP) ভিত্তিত উন্নীত বিস্তৃত জিলা কৃষি পৰিকল্পনা (CDAP)বা জিলা কৃষি কাৰ্য্য আঁচনি (DAAP), কৃষি প্ৰযুক্তি ব্যৱস্হাপনা অভিকৰণ আৰু কৃষি বিজ্ঞান কেন্দ্ৰসমূহৰ দ্বাৰা যুটীয়াভাৱে খণ্ড পৰ্যায়ৰ পৰা, এই ব্যৱস্থাত পৰিশোধিত হোৱা উচিত আৰু এই উদ্দেশ্যেৰে কাৰ্য্য সম্পাদন হোৱা উচিত।

            (১) কৃষি প্ৰযুক্তি ব্যৱস্হাপনা অভিকৰণৰ প্ৰকল্প সঞ্চালক আৰু কৃষি বিজ্ঞান কেন্দ্ৰৰ অনুষ্ঠান সমন্বয়কে যুটীয়াভাৱে প্ৰতি মাহে বিজ্ঞানীসকল আৰু সম্প্ৰসাৰণ বিষয়াসকলৰ ওপৰত ন্যস্ত কৰা প্ৰসাৰ সম্পৰ্কীয় কাৰ্য্যসমূহত পৰামৰ্শ দিয়া তথা তত্বাৱধান লোৱাৰ উদ্দেশ্যে কৃষি প্ৰযুক্তি ব্যৱস্হাপনা অভিকৰণ সমৰ্থিত BTM আৰু SMS সমূহকে ধৰি জিলাখনৰ অতি কমেও পাঁচখন গাঁও পৰিদৰ্শন কৰা উচিত। মাহৰ শেষত, ৰাজ্যিক কৃষি বিশ্ববিদ্যালয় আৰু ৰাজ্যৰ সচিব (কৃষি)/সঞ্চালক (কৃষি)লৈ কৃষি প্ৰযুক্তি ব্যৱস্হাপনা অভিকৰণৰ প্ৰকল্প সঞ্চালক আৰু কৃষি বিজ্ঞান কেন্দ্ৰৰ অনুষ্ঠান সমন্বয়কৰ দ্বাৰা এটা যুটীয়া উন্নতিৰ প্ৰতিবেদন দাখিল কৰা হব।

            (২) ৰাজ্যৰ সচিব (কৃষি)ৰ সৈতে আলোচনা মৰ্মে বিশ্ববিদ্যালয়সমূহৰ উপাচাৰ্য্যসকলে ৰাজ্যিক কৃষি বিশ্ববিদ্যালয়ৰ নিৰ্দিষ্ট বিজ্ঞানীসকলক জিলা আৱণ্টন কৰি দিব যিয়ে ন্য়স্ত কৰি দিয়া জিলাসমূহৰ কৃষি প্ৰযুক্তি ব্যৱস্হাপনা অভিকৰণ আৰু কৃষি বিজ্ঞান কেন্দ্ৰৰ সৈতে পুনৰ ভাৱ-বিনিময় কৰিব আৰু এই পদ্ধতিৰ জৰিয়তে খেতিয়কসকলক প্ৰযুক্তিগত নিৱেশসমূহ যোগান ধৰিব।

            (৩) ওপৰৰ দুয়োটা (a) আৰু  (b)ৰ বাবে,  কৃষি প্ৰযুক্তি ব্যৱস্হাপনা অভিকৰণ আৰু  কৃষি বিজ্ঞান কেন্দ্ৰ বিষয়াৰ দ্বাৰা প্ৰতি মাহে পৰিদৰ্শিত হবলগীয়া সৰ্বনিম্ন গাঁৱৰ সংখ্যা আৰু  ৰাজ্যিক কৃষি বিশ্ববিদ্যালয় বিজ্ঞানীসকলৰ দ্বাৰা হবলগীয়া ক্ষেত্ৰ পৰিদৰ্শনৰ সৰ্বনিম্ন সংখ্যা, সচিব (কৃষি)/কৃষি উত্পাদন আয়ুক্তৰ সতে আলোচনা মৰ্মে ৰাজ্যিক কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যৰ দ্বাৰা নিৰ্দিষ্ট কৰি দিয়া হব। ক্ষেত্ৰ পৰিদৰ্শনসমূহৰ পৰা লাভ কৰা প্ৰতিক্ৰিয়াৰ বিতং পৰ্যালোচনা তত্কালীনভাৱে সংশোধনীমূলক কাৰ্য্য কৰিবলৈ পিছৰখন মাহিলী সভাত কৰা উচিত।

            (৪) বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যৰ দ্বাৰা ত্ৰৈমাসিক সভাসমূহ অনুষ্ঠিত হোৱা উচিত, যত কৃষি বিজ্ঞান কেন্দ্ৰসমূহ, জিলা কৃষি বিষয়াসকল, কৃষি প্ৰযুক্তি ব্যৱস্হাপনা অভিকৰণৰ প্ৰকল্প সঞ্চালক আৰু ৰাজ্যিক কৃষি বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলৰ মাজত এক ভাৱ-বিনিময় হব আৰু সেই ধৰণে হাতত লোৱা কাৰ্যসূচীসমূহৰ প্ৰতিবেদন সচিব (কৃষি) বা কৃষি উত্পাদন আয়ুক্তক দাখিল কৰা হব। বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যইও প্ৰধান সঞ্চালক, কৃষি অনুসন্ধান পৰিষদক ত্ৰৈমাসিক কাৰ্য্যকলাপ তথা উন্নয়নসমূহৰ চমু খতিয়ান দাঙি ধৰিব।

            (৫) ক্ষেত্ৰিক দিন, কৃষক মেলা, গোষ্ঠীসমূহ পৰিচালনা আৰু পাম বিদ্যালয়সমূহ স্থাপনৰ ক্ষেত্ৰত কৃষি প্ৰযুক্তি ব্যৱস্হাপনা অভিকৰণ আৰু কৃষি বিজ্ঞান কেন্দ্ৰসমূহে ইটোৱে সিটোক সহায় কৰা উচিত যাতে অন্তৰ্ভুক্ত অঞ্চলৰ পৰিধি দোহৰা নাযায় আৰু ক্ষেত্ৰ পৰ্যায়লৈ যাতে সঠিক বৈজ্ঞানিক অভ্যাসসমূহ পৰিশ্ৰুত হৈ নামি যায় তাক এইসমূহে সুনিশ্চিত কৰা উচিত।

            (৬) কৃষি বিজ্ঞান কেন্দ্ৰৰ অনুষ্ঠআন সমন্বয়ক সদস্য হিচাপে থকা কৃষি প্ৰযুক্তি ব্যৱস্হাপনা অভিকৰণ ব্যৱস্থাপনা পৰিষদসমূহে প্ৰযুক্তিবিদ্যা প্ৰয়োগৰ উন্নয়ন সম্পৰ্কীয় নিহিত কাৰ্যসমূহ পৰ্যালোচনা কৰিব পাৰে। ইয়াৰ উপৰিও, কৃষি বিজ্ঞান কেন্দ্ৰয়ে অৰ্ধ-বাৰ্ষিক ভিত্তিত অৰ্থাত্ খাৰিফ আৰু ৰবি শস্যৰ কাল আৰম্ভ হোৱাৰ আগেয়ে, জিলাখনৰ খেতিয়কসকলৰ মাজত বিস্তৃত প্ৰসাৰৰ বাবে কৃষি প্ৰযুক্তি ব্যৱস্হাপনা অভিকৰণ ক এক কৃষি প্ৰযুক্তিবিদ্যাৰ শেহতীয়া উন্নয়ন যোগান ধৰিব পাৰে।

            (৭) কৃষি প্ৰযুক্তি ব্যৱস্হাপনা অভিকৰণ অনুষ্ঠানৰ অধীনত কৃষি বিজ্ঞান কেন্দ্ৰ কাৰ্যকলাপসমূহৰ বাবে বিত্তসমূহ সংশ্লিষ্ট নিয়ন্ত্ৰণ কৰ্তৃপক্ষৰ আবেদনৰ অধীনত, সেয়া হল যদিহে কৃষি বিজ্ঞান কেন্দ্ৰখন বিশ্ববিদ্যালয়ৰ দ্বাৰা চালিত হৈ আছে তেন্তে প্ৰসাৰ শিক্ষাৰ সঞ্চালক (DEE)আৰু যদিহে ভাৰতীয় কৃষি অনুসন্ধান পৰিষদ অনুষ্ঠানৰ অধীনত চলি আছে তেন্তে ভাৰতীয় কৃষি অনুসন্ধান পৰিষদ অনুষ্ঠানৰ নিয়ামক আৰু সঞ্চালকসকলৰ পোনপটীয়াকৈ কৃষি বিজ্ঞান কেন্দ্ৰসমূহক মুকলি কৰি দিয়া হব। বেচৰকাৰী সংস্থাসমূহৰ দ্বাৰা চালিত কৃষি বিজ্ঞান কেন্দ্ৰসমূহৰ বাবে, সংশ্লিষ্ট মণ্ডলৰ মাণ্ডলিক প্ৰকল্প সঞ্চালকৰ অনুবেদনৰ অধীনত কৃষি বিজ্ঞান কেন্দ্ৰসমূহলৈ পোনপটীয়াভাৱে বিত্ত মুকলি কৰি দিয়া হব। কৃষি প্ৰযুক্তি ব্যৱস্হাপনা অভিকৰণৰ দ্বাৰা মুকলি হোৱা বিত্তৰ উপযোগৰ প্ৰমাণপত্ৰ কেৱল কৃষি বিজ্ঞান কেন্দ্ৰসমূহৰ দ্বাৰাহে দিব পৰা যাব। সি যি কি নহওক, সংশ্লিষ্ট আমন্ত্ৰণকাৰী সংস্থা আৰু পৰ্যবেক্ষণকাৰী কৰ্তৃপক্ষসমূহে (সেয়া হল- বিশ্ববিদ্যালয়সমূহ, ভাৰতীয় কৃষি অনুসন্ধান পৰিষদ অনুষ্ঠানসমূহ আৰু মাণ্ডলিক প্ৰকল্প সঞ্চালকসকল) কৃষি প্ৰযুক্তি ব্যৱস্হাপনা অভিকৰণৰ সৈতে সম্পৰ্কিত সমূহকে ধৰি কৃষি বিজ্ঞান কেন্দ্ৰৰ সকলো কাম-কাজৰে তত্বাৱধান বাহাল ৰাখিব।

            (৮) দীৰ্ঘম্যাদী গৱেষণাযোগ্য সমস্যাসমূহ, মাণ্ডলিক কৃষি গৱেষণা আস্থানসমূহক (ZARS) জড়িতকৰণেৰে, কৃষি জলবায়ু মণ্ডল ভিত্তিত নথিভুক্ত কৰিব পাৰি যে। আন্তঃবিভাগীয় কৰ্মী গোট (IDWG)ৰ সন্মতি সাপেক্ষে সংশ্লিষ্ট ৰাজ্যিক কৃষি বিশ্ববিদ্যালয়ৰ জৰিয়তে সম্পৰ্কিত মাণ্ডলিক কৃষি গৱেষণা আস্থানসমূহক, এই সমস্যাসমূহৰ বিষয়ে আনুষ্ঠানিকভাৱে জনোৱা হব। ৰাজ্যিক কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যসকলৰ লগতে ৰাজ্যৰ ভাৰতীয় কৃষি অনুসন্ধান পৰিষদ অনুষ্ঠানৰ সঞ্চালক(সকল) সদস্য হিচাপে থকা আন্তঃবিভাগীয় কৰ্মী গোটয়ে এনে ধৰণৰ সমস্যাসমূহত মাণ্ডলিক কৃষি গৱেষণা আস্থানসমূহে গ্ৰহণ কৰা গৱেষণা কাৰ্য্যৰ উন্নয়ন পৰ্যালোচনা কৰিব।

            (৯) ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা মিছন, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা, ৰাষ্ট্ৰীয় কৃষি বীমা আঁচনি ইত্যাদি DAC সমূহৰ ফ্লেগশ্বিপ অনুষ্ঠানবিলাক ৰূপায়ণৰ বাবে কৃষি বিজ্ঞান কেন্দ্ৰসমূহে কৃষি প্ৰযুক্তি ব্যৱস্হাপনা অভিকৰণ আৰু জিলা প্ৰশাসনক পৰামৰ্শ দান কৰিব। কৃষি বিজ্ঞান কেন্দ্ৰ বিজ্ঞানীসকলে খণ্ড প্ৰযুক্তিবিদ্যা গোটসমূহ (BTT)ক প্ৰায়োগিক পৰামৰ্শ প্ৰদান কৰিব আৰু বিশেষকৈ গৱেষণা সম্পৰ্কীয় সমস্যা/অন্তৰালসমূহ আৰু কৌশলসমূহৰ বাবে খণ্ড কাৰ্য পৰিকল্পনাসমূহ (BAP) প্ৰস্তুতকৰণত সক্ৰিয়ভাৱে জড়িত হব। খণ্ড প্ৰযুক্তিবিদ্যা গোটসমূহৰ সভাসমূহত মাহত অন্ততঃ এবাৰকৈ কৃষি বিজ্ঞান কেন্দ্ৰ বিজ্ঞানীসকলৰ নিয়মিত অংশগ্ৰহণ সুনিশ্চিত কৰা হব। অংশগ্ৰহণকাৰী বিজ্ঞাজনে তেওঁৰ সংশ্লিষ্ট বিচক্ষণতা ক্ষেত্ৰৰ প্ৰতিক্ৰিয়া তেওঁৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ সহকৰ্ম্মীসকলৰ বাবৈ লৈ যাব।

            (১০) কিষাণ কল চেণ্টাৰত উন্নত মানদণ্ডৰ অনুসন্ধানৰ ক্ষেত্ৰত, কিষাণ জ্ঞান ব্যৱস্থাপনা ব্যৱস্থাৰ প্ৰয়োজন অনুসৰি জিলা পৰ্যায়ৰ বিষয়াসকলক, কৃষি বিজ্ঞান কেন্দ্ৰসমূহে আৱশ্যকীয় প্ৰায়োগিক নিবেশসমূহ প্ৰদান কৰিব। ৰাজ্যখনৰ কৃষি আৰু আনসঙ্গিক ক্ষেত্ৰসমূহৰ (যেনে- অন্ধ্ৰ প্ৰদেশৰ জিলা কৃষি প্ৰযুক্তিবিদ্যা পৰিৱৰ্তন কেন্দ্ৰ) উন্নয়ন বিভাগ আৰু ৰাজ্যিক কৃষি বিশ্ববিদ্যালয়সমূহৰ মাজৰ সফল আৰু সৃষ্টিশীল সন্মিলনৰ নমুনা উন্নত কৰা প্ৰয়োজন আৰু সকলো ৰাজ্যতেই অনুকৰণ হোৱা প্ৰয়োজন।

            (১১) পৰিৱৰ্ত্তিত কৃষি প্ৰযুক্তি ব্যৱস্হাপনা অভিকৰণ আঁচনি নিৰ্দেশাৱলী,২০১৪ত উল্লেখ থকা সকলো পদক্ষেপ, গৱেষণা আৰু প্ৰসাৰৰ মাজত অধিক উন্নত সন্মিলন সুনিশ্চিত কৰাৰ বাবে লোৱা হব।

            (১২) মাণ্ডলিক প্ৰকল্প সঞ্চালকসকল, ৰাজ্যিক কৃষি আয়ুক্তসকল/সঞ্চালকসকল আৰু সংশ্লিষ্ট ৰাজ্যিক কৃষি বিশ্ববিদ্যালয়ৰ সঞ্চালকসকলে (প্ৰসাৰ) একেলগে কৃষি বিজ্ঞান কেন্দ্ৰসমূহ আৰু কৃষি প্ৰযুক্তি ব্যৱস্হাপনা অভিকৰণসমূহৰ সৈতে ত্ৰিমাসিক গ্ৰহণ কৰিব।

            (১৩) এই দুয়োটা কাৰ্যালয়তে PD, কৃষি প্ৰযুক্তি ব্যৱস্হাপনা অভিকৰণ আৰু  PC, কৃষি বিজ্ঞান কেন্দ্ৰৰ মাজত ভাৱ-বিনিময় সভা পৰ্যায়ক্ৰমে অনুষ্ঠিত হোৱা উচিত। সেয়া যি কি নহওক,   PC, কৃষি বিজ্ঞান কেন্দ্ৰসমূহে অপৰিৱৰ্তনীয়ভাৱে  কৃষি প্ৰযুক্তি ব্যৱস্হাপনা অভিকৰণ, GB আৰু  MC সভাসমূহত উপস্থিত থকা উচিত।

            **ভ্ৰমণ ভাত্তা/দৈনিক ভাত্তাৰ বাবে অতিৰিক্ত প্ৰয়োজনীয়তাসমূহ সংশ্লিষ্ট বিভাগসমূহৰ দ্বাৰা তেওঁলোকৰ নিজা আৱণ্টিত বাজেটৰ পৰা পূৰ কৰা হব। যি কি নহওক, কৃষি প্ৰযুক্তি ব্যৱস্হাপনা অভিকৰণবিকল্প ব্যৱস্থাসমূহৰ অধীনৰ গৱেষণা-প্ৰসাৰ-খেতিয়ক সংলগ্নীকৰণৰ বাবে উপলব্ধ বিত্তসমূহ সঠিকভাৱে উপযোগ হব লাগে।

            কৃষি আৰু সহযোগিতা বিভাগ আৰু কৃষি গৱেষণা আৰু শিক্ষা বিভাগ/ভাৰতীয় কৃষি অনুসন্ধান পৰিষদৰ উচ্চপদস্থ বিষয়াসকলে সময়ে সময়ে এহাতে বৈজ্ঞানিক সম্প্ৰদায় আৰু ৰাজ্যিক কৃষি যন্ত্ৰপাতিসমূহ আৰু অন্যহাতে খেতিয়কসকলৰ মাজত ভাৱ-বিনিময় আৰু উন্নত সমন্বয়ৰ ক্ষেত্ৰত হোৱা বিকাশ পৰ্যালোচনা কৰিবলৈ ৰাজ্যসমূহ ভ্ৰমণ কৰি থাকিব।